Jeremiah 51 (IRVA)

1 যিহোৱাই এই কথা কৈছে, চোৱা, মই বাবিলৰ আৰু লেব-কাময়-নিবাসী-বিলাকৰ বিৰুদ্ধে এক বিনাশক বতাহ বলোৱাম। 2 আৰু বাবিললৈ বিদেশীবোৰক পঠাম, সিহঁতে তাক জানিব আৰু তাৰ দেশ শূণ্য কৰিব; কিয়নো সঙ্কটৰ দিনা সিহঁত চাৰিওফালে তাৰ বিৰুদ্ধী হ’ব। 3 ধনুৰ্দ্ধৰে নিজ ধনু নিভিৰাওক আৰু কৱচ পিন্ধি অহংকাৰ নকৰক; তোমালোকে তাৰ ডেকা মানুহবিলাকক দয়া নকৰিবা, তাৰ সকলো সৈন্যক নিঃশেষে বিনষ্ট কৰা। 4 সিহঁত কলদীয়াবিলাকৰ দেশত হত হৈ আৰু তাৰ আলিত খোঁচ খাই পৰি থাকিব। 5 কিয়নো, যদিও ইস্ৰায়েল কি যিহূদা দেশ ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ বিৰুদ্ধে দোষেৰে ভৰা, তথাপি বাহিনীসকলৰ ঈশ্বৰ যিহোৱাৰ দ্বাৰাই সি পৰিত্যক্ত হোৱা নাই। 6 তোমালোকে বাবিলৰ মাজৰ পৰা পলোৱা, আৰু প্ৰতিজনে নিজ নিজ প্ৰাণ ৰক্ষা কৰা, তাৰ দোষত বিনষ্ট নহ’বা; কিয়নো এয়ে যিহোৱাই সধা প্ৰতিকাৰৰ সময়, তেওঁ তাক প্ৰতিফল দিব। 7 বাবিল, সমস্ত পৃথিৱীক মতলীয়া কৰা যিহোৱাৰ হাতত থকা সোণৰ এক পান-পাত্ৰ; জাতিবিলাকে তাৰ দ্ৰাক্ষাৰস পান কৰিলে, সেই নিমিত্তে জাতিবিলাক পগলা হ’ল। 8 বাবিল অকস্মাৎ পতিত হৈ বিনষ্ট হ’ল; তোমালোকে তাৰ নিমিত্তে হাহাকাৰ কৰা, তাৰ বেদনাৰ নিমিত্তে সুস্থজনক গছৰ ৰস লোৱা, কিজানি সি সুস্থ হ’ব পাৰে। 9 আমি বাবিলক সুস্থ কৰিবলৈ যত্ন কৰিছিলোঁ, কিন্তু সি সুস্থ নহ’ল, তোমালোকে তাক ত্যাগ কৰা, আহাঁ আমি প্ৰতিজনে নিজ নিজ দেশলৈ যাওঁহঁক; কিয়নো তাৰ দোষে আকাশ স্পৰ্শ কৰিছে, আৰু গগন মণ্ডললৈকে উঠিছে। 10 যিহোৱাই আমাৰ ধাৰ্মিকতা প্ৰকাশ কৰিলে; আহাঁ আমি আমাৰ ঈশ্বৰ যিহোৱাৰ কৰ্ম চিয়োনত প্ৰচাৰ কৰোঁগৈ। 11 তোমালোকে কাঁড়বোৰ ধাৰ দিয়া, ঢাল শকতকৈ ধৰা; যিহোৱাই মাদিয়া ৰজাবিলাকৰ মন উচটাইছে, কিয়নো বাবিলক নষ্ট কৰিবৰ নিমিত্তে তেওঁৰ কল্পনা তাৰ বিৰুদ্ধী; কাৰণ এয়ে যিহোৱাই সধা প্ৰতিকাৰ। 12 তোমালোকে বাবিলৰ গড়ৰ অহিতে ধ্বজা তোলা, পৰীয়াবোৰক সাহিয়াল কৰোঁৱা, প্ৰহৰী নিযুক্ত কৰা, আৰু গুপুত ঠাইত সৈন্য ৰাখা; কিয়নো যিহোৱাই বাবিল-নিবাসীবিলাকৰ বিষয়ে কোৱা কথা কল্পনা কৰিলে আৰু সিদ্ধও কৰিলে। 13 হে বহুজল-নিবাসিনী, বহুমূল্য বস্তুৰে পৰিপূৰ্ণা, তোমাৰ অন্তিম কাল উপস্থিত, তোমাৰ লোভৰ পৰিমাণ পূৰ হ’ল। 14 বাহিনীসকলৰ যিহোৱাই নিজ নাম লৈ শপত খাই ক’লে, মই অৱশ্যে ফৰিঙৰ নিচিনাকৈ মানুহেৰে তোমাক পৰিপূৰ্ণ কৰিম, আৰু সিহঁতে তোমাৰ বিৰুদ্ধে জয়-ধ্বনি কৰিব। 15 তেওঁ নিজ শক্তিৰে পৃথিৱী স্ৰজন কৰিলে, নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে আৰু নিজ বুদ্ধিৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলে। 16 তেওঁ মাত লগালে আকাশ-মণ্ডলত জল সমূহৰ কোলাহল হয়, আৰু তেওঁ পৃথিৱীৰ অন্তভাগৰ পৰা ভাপবোৰ তোলে; তেওঁ বৃষ্টিৰ নিমিত্তে বিজুলী স্ৰজে, আৰু নিজ ভঁড়ালৰ পৰা বতাহ বাহিৰ কৰি আনে। 17 প্ৰতিজন মানুহ পশুতুল্য আৰু জ্ঞানশূন্য প্ৰতিজন সোণাৰী তাৰ কটা প্ৰতিমাৰ দ্বাৰাই লজ্জিত হয়; কাৰণ তাৰ সাঁচত ঢলা মুৰ্ত্তি মিছা, সেইবোৰৰ ভিতৰত নিশ্বাস-প্ৰশ্বাস নাই। 18 সেইবোৰ ভাপ আৰু প্ৰবঞ্চনাৰ কাৰ্য মাথোন; দণ্ড দিয়া কালত সেইবোৰ বিনষ্ট হ’ব। 19 যাকোবৰ অংশ সেইবোৰৰ নিচিনা নহয়; কিয়নো তেওঁ সকলোৰে নিৰ্ম্মাণকৰ্ত্তা আৰু ইস্ৰায়েল তেওঁৰ আধিপত্যৰ ফৈদ; বাহিনীসকলৰ যিহোৱা তেওঁৰ নাম। 20 তুমি মোৰ গদা আৰু যুদ্ধৰ অস্ত্ৰ; তোমাৰ দ্বাৰাই মই নানা জাতিক খণ্ড খণ্ড কৰিম আৰু তোমাৰ দ্বাৰাই নানা ৰাজ্য সংহাৰ কৰিম; 21 মই তোমাৰ দ্বাৰাই ঘোঁৰা আৰু তাত উঠাজনক ডোখৰ ডোখৰ কৰিম, তোমাৰ দ্বাৰাই ৰথ আৰু তাত উঠা জনক ডোখৰ ডোখৰ কৰিম। 22 মই তোমাৰ দ্বাৰাই মতা আৰু তিৰোতাক ডোখৰ ডোখৰ কৰিম আৰু তোমাৰ দ্বাৰাই বুঢ়া আৰু ডেকাক ডোখৰ ডোখৰ কৰিম আৰু তোমাৰ দ্বাৰাই যুৱা আৰু যুৱতীক ডোখৰ ডোখৰ কৰিম; 23 মই তোমাৰ দ্বাৰাই জাকৰ ৰখীয়াক আৰু তাৰ জাকক ডোখৰ ডোখৰ কৰিম তোমাৰ দ্বাৰাই খেতিয়কক আৰু তাৰ বলধহালক ডোখৰ ডোখৰ কৰিম, তোমাৰ দ্বাৰাই শাসনকৰ্ত্তা আৰু দেশাধ্যক্ষবিলাকক ডোখৰ ডোখৰ কৰিম। 24 আৰু যিহোৱাই কৈছে, মই বাবিলক আৰু কলদীয়ানিবাসী আটাইবোৰক তোমালোকৰ দৃষ্টিত সিহঁতে চিয়োনত কৰা সকলো কুকৰ্মৰ প্ৰতিফল দিম। 25 যিহোৱাই কৈছে, হে সমস্ত পৃথিৱী বিনষ্ট কৰোঁতা বিনাশক পৰ্ব্বত, মই তোমাৰ বিপক্ষ, মই তোমাৰ ওপৰলৈ মোৰ হাত মেলি শিলবোৰৰ পৰা তোমাক বগৰাম, আৰু তোমাক জ্বলি যোৱা পৰ্ব্বত কৰিম। 26 চুকৰ পৰা ভিত্তিমূলৰ নিমিত্তে কোনো মানুহে তোমাৰ পৰা এটি শিলো নল’ব; কিন্তু যিহোৱাই কৈছে, তুমি চিৰকলীয়া ধ্বংসস্থান হ’বা। 27 তোমালোকে দেশত নিচান তোলা, জাতিবিলাকৰ মাজত শিঙা বজোৱা, তাৰ অহিতে জাতিবিলাকক যুগুত কৰা, অৰাৰট, মিন্নী, আৰু অস্কিনজ ৰাজ্যবোৰক তাৰ অহিতে মাতা, তাৰ অহিতে প্ৰধান সেনাপতি নিযুক্ত কৰা, শুং থকা ফৰিঙৰ নিচিনাকৈ ঘোঁৰাবোৰ পঠোৱা। 28 তোমালোকে তাৰ অহিতে জাতিবিলাকক, মাদিয়া দেশৰ ৰজাবিলাকক, তাৰ শাসনকৰ্ত্তা আৰু সকলো দেশাধ্যক্ষবিলাকক আৰু তেওঁবিলাকৰ ৰাজ্যৰ সমস্ত দেশৰ লোকক যুগুত কৰা। 29 দেশ কঁপিছে আৰু বেদনা পাইছে; কিয়নো বাবিল দেশক ধ্বংস আৰু নিবাসী- শূণ্য কৰিবলৈ বাবিলৰ অহিতে যিহোৱাৰ সঙ্কল্প সিদ্ধ হৈছে। 30 বাবিলৰ বীৰবিলাকে যুদ্ধ কৰিবলৈ এৰিছে, তেওঁবিলাকৰ দৃঢ় কোঁঠবোৰত থাকিছে; তেওঁবিলাকৰ শক্তি নাইকিয়া হ’ল; তেওঁবিলাক তিৰোতাৰ নিচিনা হ’ল, বাবিলৰ বাসস্থানবোৰত জুই লাগিল, তাৰ ডাংবোৰ ভাগিল। 31 বাবিলৰ ৰজাৰ নগৰ যে চাৰিওপিনে শত্ৰুৰ হাতত পৰিল, ইয়াকে তেওঁক জনাবৰ নিমিত্তে এটা ডাকৱালা লৰি গৈ আন ডাকৱালাৰ, 32 আৰু এজন দূতে আন দূতৰ লগ পাইছে; আৰু পাৰ ঘাটবোৰ লৰোৱা হ’ল, নলবোৰ জুই লগাই পুৰিলে, আৰু যুদ্ধাৰুবিলাক বিহ্বল হ’ল। 33 কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “বাবিল- জীয়াৰী শস্য মৰণা মৰা কালৰ খলাস্বৰূপ, আৰু অলপতে শস্য কাটিবৰ সময় তাইলৈ আহিব”। 34 বাবিলৰ ৰজা নবূখদনেচৰে মোক গ্ৰাস কৰিলে, মোক গুৰি কৰিলে, মোক শূণ্যপাত্ৰ কৰিলে, মোক নাগৰ দৰে গিলি পেলালে, মোৰ সু-স্বাদু বস্তুৰে উদৰ পূৰ কৰিলে, আৰু মোক বাহিৰলৈ পেলালে। 35 মোলৈ আৰু মোৰ মাংসলৈ কৰা অত্যাচাৰৰ ফল বাবিললৈ হওক, এই বুলি চিয়োন-নিবাসিনীয়ে ক’ব; আৰু মোৰ ৰক্তপাতৰ ফল কলদীয়া নিবাসীবিলাকলৈ ঘটক, এই বুলি যিৰূচালেমে ক’ব। 36 এই হেতুকে যিহোৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ অভিযোগ প্ৰতিবাদ কৰিম, আৰু তোমাৰ নিমিত্তে প্ৰতিকাৰ সাধিম; মই তাৰ সমুদ্ৰ, জলশূন্য কৰিম আৰু তাৰ ভূমূক শুকুৱাম। 37 আৰু বাবিল ভগ্নৰাশি, শিয়ালৰ বাসস্থান, আচৰিত আৰু ইচ ইচৰ বিষয় আৰু নিবাসীশূণ্য হ’ব। 38 সিহঁতে ডেকা সিংহৰ নিচিনাকৈ একেলগে গৰ্জ্জন কৰিব; সিহঁতে সিংহৰ পোৱালিৰ নিচিনাকৈ গোঁজৰিব। 39 যিহোৱাই কৈছে, সিহঁতৰ ৰাগী ধৰা সময়ত মই সিহঁতলৈ ভোজ পাতিম আৰু সিহঁতে ৰং-ধেমালি কৰিবৰ নিমিত্তে আৰু অনন্ত নিদ্ৰা গৈ সাৰ নাপাবৰ নিমিত্তে সিহঁতক মতলীয়া কৰিম। 40 মই সিহঁতক মেৰ পোৱালিৰ নিচিনাকৈ মতা ছাগেৰে সৈতে মতা মেৰৰ নিচিনাকৈ বধৰ ঠাইলৈ নমাই আনিম। 41 চেচকক কেনেৰূপে হাত কৰি লোৱা হ’ল! গোটেই পৃথিৱীৰ প্ৰশংসাৰ স্থল কেনে অকস্মাৎ ধৰা পৰিল! জাতিবিলাকৰ মাজত বাবিল কেনে ধ্বংসস্থান হ’ল! 42 বাবিলৰ ওপৰত সমুদ্ৰ উঠিল, তাৰ ঢৌসমুহেৰে তাক ঢকা হ’ল। 43 তাৰ নগৰবোৰ ধ্বংসস্থান, শুকান ভূমি, মৰুভূমি, মানুহে বাস নকৰা বা তাৰ মাজেদি মনুষ্য সন্তান নোযোৱা ঠাই হ’ল। 44 মই বাবিলত বেল দেৱতাক দণ্ড দিম আৰু সি গিলি পেলোৱা বস্তু তাৰ মুখৰ পৰা উলিয়াম; জাতিবিলাকে তাৰ ওচৰলৈ একেলগে সোঁত বোৱাদি আৰু নবব; এনে কি বাবিলৰ গড়ো পতিত হ’ব। 45 হে মোৰ প্ৰজাবিলাক, তোমালোক তাৰ মাজৰ পৰা ওলোৱা; আৰু প্ৰতিজনে যিহোৱাৰ প্ৰচণ্ড ক্ৰোধৰ পৰা নিজকে ৰক্ষা কৰা। 46 তোমালোকৰ হৃদয় সাহ নাইকিয়া নহওক, বা দেশত শুনা জনৰবৰ নিমিত্তে তোমালোকে ভয় নকৰিবা; কিয়নো এবছৰত এটি জনৰব হ’ব, আৰু দেশত অত্যাচাৰ, শাসনকৰ্ত্তাৰ অহিতে শাসনকৰ্ত্তা হ’ব। 47 এই হেতুকে চোৱা, যি দিনা মই বাবিলৰ কটা প্ৰতিমাবোৰক দণ্ড দিম, আৰু তাৰ গোটেই দেশে লাজ পাব, এনে দিন আহিছে; আৰু তাৰ সমস্ত হত লোক তাৰ মাজত পতিত হ’ব। 48 তেতিয়া আকাশ-মণ্ডল আৰু পৃথিৱী, আৰু সেইবোৰত থকা সকলোৱে বাবিলৰ ওপৰত আনন্দ গান কৰিব; কিয়নো যিহোৱাই কৈছে, বিনাশকবোৰ উত্তৰৰ পৰা তাৰ গুৰিলৈ আহিব। 49 বাবিলে যেনেকৈ ইস্ৰায়েলৰ হত লোকবিলাকক পতিত কৰিলে, সেইদৰে সমস্ত দেশৰ হত লোকবিলাক বাবিলত পতিত হ’ব। 50 হে তৰোৱালৰ পৰা ৰক্ষা পোৱা লোকবিলাক, তোমালোকে যোৱা, ৰৈ নাথাকিবা, দূৰৈৰ পৰা যিহোৱাক সোঁৱৰণ কৰা, আৰু যিৰূচালেম তোমালোকৰ মনত উদয় হওক। 51 আমি ধিক্কাৰৰ কথা শুনি লাজ পাইছোঁ, আমাৰ মুখ অপমানে ঢাকিছে; কিয়নো বিদেশীবিলাক যিহোৱাৰ গৃহৰ পবিত্ৰ-স্থানবোৰত সোমাল। 52 এই হেতুকে, যিহোৱাই কৈছে, চোৱা, যি দিনা মই তাৰ কটা-প্ৰতিমাবোৰক দণ্ড দিম, আৰু তাৰ দেশৰ সকলোফালে খুন হোৱা লোকে কেঁকাব, এনে দিন আহিছে। 53 যিহোৱাই কৈছে, বাবিল যদিও আকাশলৈকে উন্নত হয়, আৰু তাৰ ওখ কোঁঠবোৰ দৃঢ় কৰে, তথাপি মোৰ পৰা তাৰ ওপৰলৈ বিনাশকবিলাক যাব। 54 বাবিলৰ পৰা চিঞৰৰ আৰু কলদীয়াবিলাকৰ দেশৰ পৰা মহাসংহাৰৰ শব্দ উঠিছে। 55 কিয়নো যিহোৱাই বাবিলক উন্নত কৰিছে আৰু তাৰ মাজত হোৱা মহাশব্দ নাইকিয়া কৰিছে; সিহঁতৰ ঢৌবোৰে জল সমূহৰ নিচিনাকৈ গৰ্জ্জন কৰিছে, সিহঁতৰ কোলাহলৰ শব্দ শুনা গৈছে। 56 কাৰণ তাৰ ওপৰলৈ, বাবিলৰ ওপৰলৈকে বিনাশক আহিল, আৰু তাৰ বীৰবিলাক ধৰা পৰিল, তেওঁবিলাকৰ ধনু ডোখৰ ডোখৰকৈ ভঙা হ’ল; কিয়নো যিহোৱা প্ৰতিফল দিওঁতা ঈশ্বৰ, তেওঁ অৱশ্যে প্ৰতিফল দিব। 57 আৰু মই তাৰ প্ৰধান আৰু জ্ঞানীবিলাকক, তাৰ শাসনকৰ্ত্তা আৰু দেশাধ্যক্ষবিলাকক, আৰু তাৰ বাৰবিলাকক, মতলীয়া কৰিম; আৰু বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই কৈছে, তেওঁবিলাকে অনন্ত নিদ্ৰা গৈ সাৰ নাপাব। 58 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, বাবিলৰ বহল গড়বোৰ, নিঃশেষে বিনষ্ট হ’ব, আৰু তাৰ ওখ দুৱাৰবোৰ অগ্নিৰে পোৰা হ’ব আৰু লোকবিলাকে অসাৰৰ নিমিত্তে, আৰু জাতিবিলাকে অগ্নিৰ নিমিত্তে পৰিশ্ৰম কৰিব, আৰু সিহঁত ক্লান্ত হ’ব। 59 মহচেয়াৰ নাতিয়েক নেৰিয়াৰ পুত্ৰ চৰায়া যিহূদাৰ ৰজা চিদিকিয়াই সৈতে বাবিললৈ যোৱা সময়ত, তেওঁৰ ৰাজত্বৰ চতুৰ্থ বছৰত যিৰিমিয়া ভাববাদীয়ে তেওঁক দিয়া আজ্ঞাৰ কথা। সেই চৰায়া ৰাজগৃহৰ প্ৰধান অধ্যক্ষ আছিল। 60 আৰু বাবিললৈ ঘটিব লগা সকলো অমঙ্গলৰ কথা, অৰ্থাৎ বাবিলৰ বিষয়ে লিখা এই আটাইবোৰ বাক্য যিৰিমিয়াই এখন পুথিত লিখিলে। 61 আৰু যিৰিমিয়াই চৰায়াক ক’লে, সাৱধান, তুমি বাবিল পালে এই সকলো কথা পাঠ কৰিবা, 62 আৰু ক’বা, হে যিহোৱা, পশু কি মানুহ কোনেও ইয়াত বাস নকৰিবৰ নিমিত্তে, কিন্তু চিৰকাললৈকে ধ্বংসস্থান হ’বৰ নিমিত্তে উচ্ছন্ন কৰিবৰ কথা তুমি এই ঠাইৰ বিষয়ে কৈছা। 63 পাছে তুমি এই পুথিখন পঢ়ি এঁটোৱা হ’লে, ইয়াত এটা শিল বান্ধি ফৰাৎ নদীৰ মাজ ঠাইত পেলাই দিবা, 64 আৰু তুমি ক’বা, মই বাবিললৈ যি অমঙ্গল ঘটাম, তাৰ কাৰণে বাবিল এইদৰে মগ্ন থাকিব, কেতিয়াও আৰু নুঠিব; “আৰু সিহঁত ক্লান্ত হ’ব”। যিৰিমিয়াৰ বাক্য ইমানলৈকে।

In Other Versions

Jeremiah 51 in the ANGEFD

Jeremiah 51 in the ANTPNG2D

Jeremiah 51 in the AS21

Jeremiah 51 in the BAGH

Jeremiah 51 in the BBPNG

Jeremiah 51 in the BBT1E

Jeremiah 51 in the BDS

Jeremiah 51 in the BEV

Jeremiah 51 in the BHAD

Jeremiah 51 in the BIB

Jeremiah 51 in the BLPT

Jeremiah 51 in the BNT

Jeremiah 51 in the BNTABOOT

Jeremiah 51 in the BNTLV

Jeremiah 51 in the BOATCB

Jeremiah 51 in the BOATCB2

Jeremiah 51 in the BOBCV

Jeremiah 51 in the BOCNT

Jeremiah 51 in the BOECS

Jeremiah 51 in the BOGWICC

Jeremiah 51 in the BOHCB

Jeremiah 51 in the BOHCV

Jeremiah 51 in the BOHLNT

Jeremiah 51 in the BOHNTLTAL

Jeremiah 51 in the BOICB

Jeremiah 51 in the BOILNTAP

Jeremiah 51 in the BOITCV

Jeremiah 51 in the BOKCV

Jeremiah 51 in the BOKCV2

Jeremiah 51 in the BOKHWOG

Jeremiah 51 in the BOKSSV

Jeremiah 51 in the BOLCB

Jeremiah 51 in the BOLCB2

Jeremiah 51 in the BOMCV

Jeremiah 51 in the BONAV

Jeremiah 51 in the BONCB

Jeremiah 51 in the BONLT

Jeremiah 51 in the BONUT2

Jeremiah 51 in the BOPLNT

Jeremiah 51 in the BOSCB

Jeremiah 51 in the BOSNC

Jeremiah 51 in the BOTLNT

Jeremiah 51 in the BOVCB

Jeremiah 51 in the BOYCB

Jeremiah 51 in the BPBB

Jeremiah 51 in the BPH

Jeremiah 51 in the BSB

Jeremiah 51 in the CCB

Jeremiah 51 in the CUV

Jeremiah 51 in the CUVS

Jeremiah 51 in the DBT

Jeremiah 51 in the DGDNT

Jeremiah 51 in the DHNT

Jeremiah 51 in the DNT

Jeremiah 51 in the ELBE

Jeremiah 51 in the EMTV

Jeremiah 51 in the ESV

Jeremiah 51 in the FBV

Jeremiah 51 in the FEB

Jeremiah 51 in the GGMNT

Jeremiah 51 in the GNT

Jeremiah 51 in the HARY

Jeremiah 51 in the HNT

Jeremiah 51 in the IRVB

Jeremiah 51 in the IRVG

Jeremiah 51 in the IRVH

Jeremiah 51 in the IRVK

Jeremiah 51 in the IRVM

Jeremiah 51 in the IRVM2

Jeremiah 51 in the IRVO

Jeremiah 51 in the IRVP

Jeremiah 51 in the IRVT

Jeremiah 51 in the IRVT2

Jeremiah 51 in the IRVU

Jeremiah 51 in the ISVN

Jeremiah 51 in the JSNT

Jeremiah 51 in the KAPI

Jeremiah 51 in the KBT1ETNIK

Jeremiah 51 in the KBV

Jeremiah 51 in the KJV

Jeremiah 51 in the KNFD

Jeremiah 51 in the LBA

Jeremiah 51 in the LBLA

Jeremiah 51 in the LNT

Jeremiah 51 in the LSV

Jeremiah 51 in the MAAL

Jeremiah 51 in the MBV

Jeremiah 51 in the MBV2

Jeremiah 51 in the MHNT

Jeremiah 51 in the MKNFD

Jeremiah 51 in the MNG

Jeremiah 51 in the MNT

Jeremiah 51 in the MNT2

Jeremiah 51 in the MRS1T

Jeremiah 51 in the NAA

Jeremiah 51 in the NASB

Jeremiah 51 in the NBLA

Jeremiah 51 in the NBS

Jeremiah 51 in the NBVTP

Jeremiah 51 in the NET2

Jeremiah 51 in the NIV11

Jeremiah 51 in the NNT

Jeremiah 51 in the NNT2

Jeremiah 51 in the NNT3

Jeremiah 51 in the PDDPT

Jeremiah 51 in the PFNT

Jeremiah 51 in the RMNT

Jeremiah 51 in the SBIAS

Jeremiah 51 in the SBIBS

Jeremiah 51 in the SBIBS2

Jeremiah 51 in the SBICS

Jeremiah 51 in the SBIDS

Jeremiah 51 in the SBIGS

Jeremiah 51 in the SBIHS

Jeremiah 51 in the SBIIS

Jeremiah 51 in the SBIIS2

Jeremiah 51 in the SBIIS3

Jeremiah 51 in the SBIKS

Jeremiah 51 in the SBIKS2

Jeremiah 51 in the SBIMS

Jeremiah 51 in the SBIOS

Jeremiah 51 in the SBIPS

Jeremiah 51 in the SBISS

Jeremiah 51 in the SBITS

Jeremiah 51 in the SBITS2

Jeremiah 51 in the SBITS3

Jeremiah 51 in the SBITS4

Jeremiah 51 in the SBIUS

Jeremiah 51 in the SBIVS

Jeremiah 51 in the SBT

Jeremiah 51 in the SBT1E

Jeremiah 51 in the SCHL

Jeremiah 51 in the SNT

Jeremiah 51 in the SUSU

Jeremiah 51 in the SUSU2

Jeremiah 51 in the SYNO

Jeremiah 51 in the TBIAOTANT

Jeremiah 51 in the TBT1E

Jeremiah 51 in the TBT1E2

Jeremiah 51 in the TFTIP

Jeremiah 51 in the TFTU

Jeremiah 51 in the TGNTATF3T

Jeremiah 51 in the THAI

Jeremiah 51 in the TNFD

Jeremiah 51 in the TNT

Jeremiah 51 in the TNTIK

Jeremiah 51 in the TNTIL

Jeremiah 51 in the TNTIN

Jeremiah 51 in the TNTIP

Jeremiah 51 in the TNTIZ

Jeremiah 51 in the TOMA

Jeremiah 51 in the TTENT

Jeremiah 51 in the UBG

Jeremiah 51 in the UGV

Jeremiah 51 in the UGV2

Jeremiah 51 in the UGV3

Jeremiah 51 in the VBL

Jeremiah 51 in the VDCC

Jeremiah 51 in the YALU

Jeremiah 51 in the YAPE

Jeremiah 51 in the YBVTP

Jeremiah 51 in the ZBP