Psalms 105 (IRVA)

1 যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামত প্ৰাৰ্থনা কৰা;জাতিবোৰৰ মাজত তেওঁৰ কাৰ্যবোৰ জনোৱা। 2 তেওঁৰ উদ্দেশ্যে গীত গোৱা,তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা;তেওঁৰ আচৰিত কাৰ্যবোৰৰ বিষয়ে কোৱা। 3 তোমালোকে তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা;যিহোৱাক বিচৰাসকলৰ হৃদয়ে আনন্দ কৰক। 4 তোমালোকে যিহোৱা আৰু তেওঁৰ শক্তি বিচাৰা;নিতৌ তেওঁৰ সাক্ষাৎ হ’বলৈ বিচাৰা। 5 তেওঁ কৰা আচৰিত কাৰ্যবোৰ সোঁৱৰণ কৰা;তেওঁৰ অদ্ভুত কার্য আৰু তেওঁৰ মুখে কৰা বিচাৰবোৰ সোঁৱৰণ কৰা। 6 তোমালোক তেওঁৰ দাস অব্ৰাহামৰ বংশধৰ,তেওঁৰ মনোনীত যাকোবৰ সন্তান। 7 তেৱেঁই আমাৰ ঈশ্বৰ যিহোৱা;তেওঁৰ শাসন-প্ৰণালী সমুদায় পৃথিৱীত বিদ্যমান। 8 তেওঁ অনন্তকাললৈকে নিজ নিয়ম সোঁৱৰণ কৰে,আৰু সেই বাক্যৰ আদেশ তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দিলে। 9 সেই নিয়ম তেওঁ অব্ৰাহামৰে সৈতে স্থাপন কৰিছিল আৰু ইচহাকৰ আগত প্রতিজ্ঞা কৰিছিল। 10 তেওঁ তাক যাকোবৰ কাৰণে এক বিধি ৰূপে,ইস্ৰায়েলৰ কাৰণে এটি অনন্তকলীয়া নিয়ম ৰূপে স্থিৰ কৰিলে। 11 তেওঁ ক’লে, “মই তোমাক কনান দেশখন দিম;সেয়াই হ’ব তোমাৰ আধিপত্য। 12 সেই কালত তেওঁলোকৰ সংখ্যা অধিক নাছিল,তেওঁলোক অতি তাকৰ আছিল আৰু তাত তেওঁলোক প্ৰবাসী আছিল; 13 তেওঁলোকে যেতিয়া তাত এটা জাতিৰ পৰা আন জাতিৰ ওচৰলৈ,এক ৰাজ্যৰ পৰা আন লোক সমূহৰ মাজত ভ্ৰমি ফুৰিছিল, 14 তেতিয়া তেওঁ কোনো মনুষ্যকে তেওঁলোকৰ ওপৰত উপদ্রৱ কৰিবলৈ নিদিলে;বৰং তেওঁলোকৰ কাৰণে তেওঁ ৰজাসকলক ধমক দি কৈছিল, 15 “তোমালোকে মোৰ অভিষিক্ত ব্যক্তিসকলক স্পর্শ নকৰিবা;মোৰ ভাববাদীসকলৰো কোনো অপকাৰ নকৰিবা।” 16 তেওঁ সেই দেশলৈ দুৰ্ভিক্ষ মাতি আনিলে,তেওঁ সম্পূর্ণৰূপে শস্যৰ ভঁৰালবোৰ ধ্বংস কৰি পেলালে। 17 তেতিয়া তেওঁ তেওঁলোকৰ আগেয়ে এজন মানুহ পঠালে- যিজনৰ নাম যোচেফ আছিল;তেওঁক দাসৰূপে বেচা হ’ল। 18 লোকসকলে তেওঁৰ ভৰিত বেৰীৰ শিকলিৰে দুখ দিলে;লোহাৰ শিকলিৰে তেওঁৰ ডিঙি বন্ধা হ’ল। 19 যেতিয়ালৈকে তেওঁ কোৱা বাক্য সিদ্ধ নহয়,তেতিয়ালৈকে যিহোৱাৰ বাক্যই তেওঁক পৰীক্ষা কৰি আছিল। 20 ৰজাই লোক পঠাই তেওঁক মুকলি কৰি দিলে,লোকসকলৰ শাসনকর্তাই তেওঁক মুক্ত কৰিলে। 21 তেওঁ তেওঁক নিজৰ ৰাজগৃহৰ প্ৰভু পাতিলে,সকলো সম্পত্তিৰ কর্তা কৰিলে। 22 যাতে তেওঁ তেওঁৰ ৰাজকর্মচাৰীসকলক ইচ্ছা অনুসাৰে অধীনত ৰাখিব পাৰে,আৰু তেওঁৰ বৃদ্ধসকলক জ্ঞানৰ পৰামর্শ দিব পাৰে। 23 তাৰ পাছত ইস্ৰায়েল মিচৰ দেশলৈ আহিল,যাকোবে হাম বংশীয়সকলৰ দেশত প্ৰবাস কৰিলে। 24 ঈশ্বৰে নিজৰ লোকসকলৰ বংশ অতিশয় বৃদ্ধি কৰিলে,শত্ৰুবোৰতকৈয়ো তেওঁলোকক শক্তিশালী কৰিলে। 25 তেওঁ মিচৰীয়সকলৰ অন্তৰক এনে পৰিবর্তন আনি দিলে যে,তেওঁলোকে তেওঁৰ লোকসকলক ঘৃণা কৰিলে;তেওঁৰ দাসবোৰৰ প্রতি ধূর্ত ব্যৱহাৰ কৰিলে। 26 তেওঁ নিজ দাস মোচিক আৰু তেওঁৰ মনোনীত হাৰোণক পঠালে; 27 তেওঁলোকে তেওঁলোকৰ মাজত নানা চিন আৰু হাম দেশত অদ্ভুত লক্ষণবোৰ দেখুৱালে; 28 তেওঁ অন্ধকাৰ পঠালে, তাতে সেই দেশ আন্ধাৰ হ’ল;তেওঁৰ বাক্যৰ বিৰুদ্ধে তেওঁলোকে বিৰুদ্ধাচৰণ নকৰিলে। 29 তেওঁলোকৰ জল সমূহক তেওঁ তেজলৈ পৰিণত কৰিলে;তাতে তেওঁলোকৰ সকলো মাছ মৰিল। 30 তেওঁলোকৰ দেশ বেঙেৰে ভৰি পৰিল;এনে কি, তেওঁলোকৰ ৰজাসকলৰ ৰাজপ্রাসাদো বেঙেৰে ভৰি পৰিল। 31 তেওঁৰ কথাতেই তেওঁলোকৰ সকলো অঞ্চলত জাকে জাকে ডাঁহ আৰু ওকণী আহিল। 32 তেওঁ তেওঁলোকক বৰষুণৰ পৰিবর্তে শিলাবৃষ্টি দিলে;গোটেই দেশ বিজুলী আৰু বজ্ৰপাতৰ অগ্নি বৰষালে। 33 তেওঁলোকৰ দ্ৰাক্ষালতা আৰু ডিমৰু গছবোৰত তেওঁ আঘাত কৰিলে,আৰু দেশৰ গছবোৰ ভাঙি পেলালে। 34 তেওঁৰ কথাতেই কাকতি ফৰিং আহিল,অসংখ্য সৰু ফৰিঙো আহিল। 35 সেইবোৰে তেওঁলোকৰ দেশৰ সকলো শাক-পাচলি আৰু ভূমিৰ সকলো শস্য খাই পেলালে। 36 তাৰ পাছত তেওঁলোকৰ সকলো শক্তিৰ প্রথম ফল অর্থাৎ দেশৰ জ্যেষ্ঠ পুত্র সংহাৰ কৰিলে। 37 পাছত তেওঁ লোকসকলক ৰূপ আৰু সোণে সৈতে উলিয়াই আনিলে;তেওঁৰ ফৈদ সমূহৰ মাজত এজনো দুৰ্ব্বল হোৱা নাছিল। 38 তেওঁলোক গুছি যোৱাত মিচৰীয়সকলে আনন্দ কৰিলে,কিয়নো তেওঁলোকে ইস্রায়েলীয়াসকলক ভীষণ ভয় কৰিছিল। 39 তেওঁ চন্দ্ৰতাপৰ কাৰণে মেঘ বিস্তাৰ কৰিলে;ৰাতি পোহৰ দিবৰ কাৰণে অগ্নি দিলে। 40 তেওঁলোকে আহাৰ বিচাৰিছিলে, তাতে তেওঁ তেওঁলোকক বটা চৰাই আনি দিলে;আৰু স্বর্গীয় আহাৰেৰে তেওঁলোকক তৃপ্ত কৰিলে। 41 তেওঁ শিল খুলি দিলে, তাতে জল ওলাই আহিল;সেয়ে নদীৰ দৰে মৰুভূমিৰ মাজেদি বৈ গ’ল। 42 তেওঁ তেওঁৰ পবিত্ৰ প্রতিজ্ঞা সোঁৱৰণ কৰিলে;তেওঁৰ দাস অব্ৰাহামকো সোঁৱৰণ কৰিলে। 43 এইদৰে তেওঁ নিজৰ লোক সমূহক আনন্দেৰে সৈতে,তেওঁৰ মনোনীত লোকসকলক গীত-মাতেৰে সৈতে উলিয়াই আনিলে। 44 তেওঁ তেওঁলোকক অন্যান্য জাতিবোৰৰ দেশবোৰ দিলে;সেই সকলো জাতিৰ পৰিশ্রমৰ ফল তেওঁৰ লোকসকলে অধিকাৰ কৰিলে, 45 যেন তেওঁলোকে তেওঁৰ বিধিবোৰ পালন কৰে আৰু তেওঁৰ ব্যৱস্থাবোৰ মানি চলে।তোমালোকে যিহোৱাৰ প্রশংসা কৰা।

In Other Versions

Psalms 105 in the ANGEFD

Psalms 105 in the ANTPNG2D

Psalms 105 in the AS21

Psalms 105 in the BAGH

Psalms 105 in the BBPNG

Psalms 105 in the BBT1E

Psalms 105 in the BDS

Psalms 105 in the BEV

Psalms 105 in the BHAD

Psalms 105 in the BIB

Psalms 105 in the BLPT

Psalms 105 in the BNT

Psalms 105 in the BNTABOOT

Psalms 105 in the BNTLV

Psalms 105 in the BOATCB

Psalms 105 in the BOATCB2

Psalms 105 in the BOBCV

Psalms 105 in the BOCNT

Psalms 105 in the BOECS

Psalms 105 in the BOGWICC

Psalms 105 in the BOHCB

Psalms 105 in the BOHCV

Psalms 105 in the BOHLNT

Psalms 105 in the BOHNTLTAL

Psalms 105 in the BOICB

Psalms 105 in the BOILNTAP

Psalms 105 in the BOITCV

Psalms 105 in the BOKCV

Psalms 105 in the BOKCV2

Psalms 105 in the BOKHWOG

Psalms 105 in the BOKSSV

Psalms 105 in the BOLCB

Psalms 105 in the BOLCB2

Psalms 105 in the BOMCV

Psalms 105 in the BONAV

Psalms 105 in the BONCB

Psalms 105 in the BONLT

Psalms 105 in the BONUT2

Psalms 105 in the BOPLNT

Psalms 105 in the BOSCB

Psalms 105 in the BOSNC

Psalms 105 in the BOTLNT

Psalms 105 in the BOVCB

Psalms 105 in the BOYCB

Psalms 105 in the BPBB

Psalms 105 in the BPH

Psalms 105 in the BSB

Psalms 105 in the CCB

Psalms 105 in the CUV

Psalms 105 in the CUVS

Psalms 105 in the DBT

Psalms 105 in the DGDNT

Psalms 105 in the DHNT

Psalms 105 in the DNT

Psalms 105 in the ELBE

Psalms 105 in the EMTV

Psalms 105 in the ESV

Psalms 105 in the FBV

Psalms 105 in the FEB

Psalms 105 in the GGMNT

Psalms 105 in the GNT

Psalms 105 in the HARY

Psalms 105 in the HNT

Psalms 105 in the IRVB

Psalms 105 in the IRVG

Psalms 105 in the IRVH

Psalms 105 in the IRVK

Psalms 105 in the IRVM

Psalms 105 in the IRVM2

Psalms 105 in the IRVO

Psalms 105 in the IRVP

Psalms 105 in the IRVT

Psalms 105 in the IRVT2

Psalms 105 in the IRVU

Psalms 105 in the ISVN

Psalms 105 in the JSNT

Psalms 105 in the KAPI

Psalms 105 in the KBT1ETNIK

Psalms 105 in the KBV

Psalms 105 in the KJV

Psalms 105 in the KNFD

Psalms 105 in the LBA

Psalms 105 in the LBLA

Psalms 105 in the LNT

Psalms 105 in the LSV

Psalms 105 in the MAAL

Psalms 105 in the MBV

Psalms 105 in the MBV2

Psalms 105 in the MHNT

Psalms 105 in the MKNFD

Psalms 105 in the MNG

Psalms 105 in the MNT

Psalms 105 in the MNT2

Psalms 105 in the MRS1T

Psalms 105 in the NAA

Psalms 105 in the NASB

Psalms 105 in the NBLA

Psalms 105 in the NBS

Psalms 105 in the NBVTP

Psalms 105 in the NET2

Psalms 105 in the NIV11

Psalms 105 in the NNT

Psalms 105 in the NNT2

Psalms 105 in the NNT3

Psalms 105 in the PDDPT

Psalms 105 in the PFNT

Psalms 105 in the RMNT

Psalms 105 in the SBIAS

Psalms 105 in the SBIBS

Psalms 105 in the SBIBS2

Psalms 105 in the SBICS

Psalms 105 in the SBIDS

Psalms 105 in the SBIGS

Psalms 105 in the SBIHS

Psalms 105 in the SBIIS

Psalms 105 in the SBIIS2

Psalms 105 in the SBIIS3

Psalms 105 in the SBIKS

Psalms 105 in the SBIKS2

Psalms 105 in the SBIMS

Psalms 105 in the SBIOS

Psalms 105 in the SBIPS

Psalms 105 in the SBISS

Psalms 105 in the SBITS

Psalms 105 in the SBITS2

Psalms 105 in the SBITS3

Psalms 105 in the SBITS4

Psalms 105 in the SBIUS

Psalms 105 in the SBIVS

Psalms 105 in the SBT

Psalms 105 in the SBT1E

Psalms 105 in the SCHL

Psalms 105 in the SNT

Psalms 105 in the SUSU

Psalms 105 in the SUSU2

Psalms 105 in the SYNO

Psalms 105 in the TBIAOTANT

Psalms 105 in the TBT1E

Psalms 105 in the TBT1E2

Psalms 105 in the TFTIP

Psalms 105 in the TFTU

Psalms 105 in the TGNTATF3T

Psalms 105 in the THAI

Psalms 105 in the TNFD

Psalms 105 in the TNT

Psalms 105 in the TNTIK

Psalms 105 in the TNTIL

Psalms 105 in the TNTIN

Psalms 105 in the TNTIP

Psalms 105 in the TNTIZ

Psalms 105 in the TOMA

Psalms 105 in the TTENT

Psalms 105 in the UBG

Psalms 105 in the UGV

Psalms 105 in the UGV2

Psalms 105 in the UGV3

Psalms 105 in the VBL

Psalms 105 in the VDCC

Psalms 105 in the YALU

Psalms 105 in the YAPE

Psalms 105 in the YBVTP

Psalms 105 in the ZBP