Joel 1 (IRVA)
1 পথূৱেলৰ পুত্ৰ যোৱেললৈ অহা এইটো যিহোৱাৰ বাক্য। 2 হে পৰিচাৰকসকল, এই কথা শুনা?আৰু হে দেশনিবাসীসকল, কাণ দিয়া। তোমালোকৰ দিনত বা তোমালোকৰ পূৰ্বপুৰুষসকলৰ দিনত এনে ঘটিছিল নে? 3 তোমালোকে নিজ নিজ সন্তান সকলক এই বিষয়ে কোৱা,আৰু তেওঁলোকেও নিজ নিজ সন্তান সকলক কওঁক,আৰু তেওঁলোকৰ সন্তান সকলেও তেওঁলোকৰ ভাবী সন্তান সকলক কওঁক। 4 কুটি খোৱা ফৰিঙে এৰাখিনি কাকতী ফৰিঙে খালে;আৰু কাকতী ফৰিঙে এৰাখিনি চেলেকা ফৰিঙে খালে;আৰু চেলেকা ফৰিঙে এৰাখিনি বিনাশকাৰী ফৰিঙে খালে। 5 হে মতলীয়াসকল, সাৰ পোৱা আৰু কান্দা!বিলাপ কৰা, হে দ্ৰাক্ষাৰস পান কৰোঁতাসকল,কাৰণ নতুন দ্রাক্ষাৰস তোমালোকৰ মুখৰ পৰা সম্পূর্ণৰূপে আতৰাই দিয়া হ’ল। 6 কিয়নো এটা জাতি মোৰ দেশৰ বিৰুদ্ধে উঠি আহিল,অসংখ্য প্ৰাণী থকা এক বলবান জাতি।সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা,আৰু সিংহীৰ গুৰি দাঁতৰ নিচিনা সিহঁতৰ গুৰি দাঁত। 7 সিহঁতে মোৰ দ্ৰাক্ষালতা ধ্বংস কৰিলে,আৰু মোৰ ডিমৰু গছৰ বাকলি এৰুৱালে।সিহঁতে তাক নিচেইকৈ বখলিয়ালে আৰু পেলাই দিলে;তাৰ ডালবোৰ বগা কৰিলে। 8 যৌৱন কালৰ স্বামীৰ শোকত চট কাপোৰেৰে কঁকাল বন্ধা কন্যাৰ নিচিনাকৈ তুমি বিলাপ কৰা। 9 যিহোৱাৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য বন্ধ কৰা হ’ল।যিহোৱাৰ দাসবোৰ, পুৰোহিতসকলে শোক কৰিছে। 10 পথাৰবোৰ নষ্ট হ’ল,ভূমিয়ে শোক কৰিছে।কিয়নো শস্য নষ্ট কৰা হ’ল,নতুন দ্ৰাক্ষাৰস শুকাল,আৰু তেল নাইকিয়া হ’ল। 11 হে খেতিয়কসকল, লজ্জিত হোৱা,হে দ্ৰাক্ষাবাৰী আপডাল কৰোঁতাসকল,ঘেঁহু ধান আৰু যৱৰ বাবে বাবে বিলাপ কৰা।কিয়নো পথাৰৰ শস্য বিনষ্ট হ’ল। 12 দ্ৰাক্ষালতা শুকাল, ডিমৰু গছ জঁয় পৰিল,ডালিম, খাজুৰ আৰু আপেলৰ গছবোৰ -পথাৰৰ সকলো গছ শুকাল। সঁচাকৈ মনুষ্য সন্তান সকলৰ মাজৰ পৰা আমোদ প্ৰমোদ নাইকিয়া হ’ল। 13 হে পুৰোহিতসকল, তোমালোকে চট কাপোৰ পৰিধান কৰি বিলাপ কৰা!হে যজ্ঞ-বেদিৰ পৰিচাৰকসকল, বিলাপ কৰা।হে মোৰ ঈশ্বৰৰ দাসবোৰ, আহাঁ, চট কাপোৰ পিন্ধি ওৰে ৰাতি পৰি থাকা।কিয়নো তোমালোকৰ ঈশ্বৰৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য প্রতিৰোধ কৰা হৈছে। 14 তোমালোকে পবিত্ৰ উপবাস নিৰূপণ কৰা,সমাজ গোট খাবলৈ ঘোষণা কৰা।পৰিচাৰকসকল আদি কৰি দেশনিবাসী আটাই লোকক গোট খুউৱাইতোমালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহতযিহোৱালৈ কাতৰোক্তি কৰা, 15 হায় হায়, এয়ে কেনে দিন!কিয়নো যিহোৱাৰ ভয়ংকৰ দিন ওচৰ।এই সকলোৰে সৈতে সৰ্ব্বশক্তিমান ঈশ্বৰৰ পৰা যেন প্ৰলয়হে উপস্থিত হ’ল। 16 আমাৰ চকুৰ আগত খোৱা বস্তুবোৰ,আৰু এনেকি আমাৰ ঈশ্বৰৰ গৃহৰ আনন্দ আৰু উল্লাস লোপ পোৱা নাই নে? 17 বোৱা কঠীয়াৰ ধানবোৰ নিজ নিজ চপৰাৰ তলত শুকাই গ’ল,ভঁৰালবোৰ ধ্বংস কৰা হ’ল, শস্যৰ ঘৰবোৰ ভাগিল,কাৰণ শস্যবোৰ নাইকিয়া হ’ল। 18 পশুবোৰে কেনেকৈ কেঁকাইছে!চৰণীয়া ঠাই নোহোৱাৰ বাবেগৰুৰ জাকবোৰ ব্যাকুল হৈছে।এনেকি মেৰ-ছাগ আৰু ছাগলীৰ জাকবোৰে দণ্ড ভোগ কৰিছে। 19 হে যিহোৱা, মই তোমাৰেই আগত কাতৰোক্তি কৰিছোঁ।কিয়নো অগ্নিয়ে অৰণ্যৰ চৰণীয়া ঠাইবোৰ গ্ৰাস কৰিলে,অগ্নিশিখাই খেতিৰ সকলো গছবোৰ পুৰি পেলালে। 20 বনৰ পশুবোৰেও তোমাৰ আগত ক্ৰন্দন কৰিছে,কিয়নো জলৰ জুৰিবোৰ শুকাল,আৰু অৰণ্যৰ চৰণীয়া ঠাইবোৰ অগ্নিয়ে গ্ৰাস কৰিলে।
In Other Versions
Joel 1 in the ANGEFD
Joel 1 in the ANTPNG2D
Joel 1 in the AS21
Joel 1 in the BAGH
Joel 1 in the BBPNG
Joel 1 in the BBT1E
Joel 1 in the BDS
Joel 1 in the BEV
Joel 1 in the BHAD
Joel 1 in the BIB
Joel 1 in the BLPT
Joel 1 in the BNT
Joel 1 in the BNTABOOT
Joel 1 in the BNTLV
Joel 1 in the BOATCB
Joel 1 in the BOATCB2
Joel 1 in the BOBCV
Joel 1 in the BOCNT
Joel 1 in the BOECS
Joel 1 in the BOGWICC
Joel 1 in the BOHCB
Joel 1 in the BOHCV
Joel 1 in the BOHLNT
Joel 1 in the BOHNTLTAL
Joel 1 in the BOICB
Joel 1 in the BOILNTAP
Joel 1 in the BOITCV
Joel 1 in the BOKCV
Joel 1 in the BOKCV2
Joel 1 in the BOKHWOG
Joel 1 in the BOKSSV
Joel 1 in the BOLCB
Joel 1 in the BOLCB2
Joel 1 in the BOMCV
Joel 1 in the BONAV
Joel 1 in the BONCB
Joel 1 in the BONLT
Joel 1 in the BONUT2
Joel 1 in the BOPLNT
Joel 1 in the BOSCB
Joel 1 in the BOSNC
Joel 1 in the BOTLNT
Joel 1 in the BOVCB
Joel 1 in the BOYCB
Joel 1 in the BPBB
Joel 1 in the BPH
Joel 1 in the BSB
Joel 1 in the CCB
Joel 1 in the CUV
Joel 1 in the CUVS
Joel 1 in the DBT
Joel 1 in the DGDNT
Joel 1 in the DHNT
Joel 1 in the DNT
Joel 1 in the ELBE
Joel 1 in the EMTV
Joel 1 in the ESV
Joel 1 in the FBV
Joel 1 in the FEB
Joel 1 in the GGMNT
Joel 1 in the GNT
Joel 1 in the HARY
Joel 1 in the HNT
Joel 1 in the IRVB
Joel 1 in the IRVG
Joel 1 in the IRVH
Joel 1 in the IRVK
Joel 1 in the IRVM
Joel 1 in the IRVM2
Joel 1 in the IRVO
Joel 1 in the IRVP
Joel 1 in the IRVT
Joel 1 in the IRVT2
Joel 1 in the IRVU
Joel 1 in the ISVN
Joel 1 in the JSNT
Joel 1 in the KAPI
Joel 1 in the KBT1ETNIK
Joel 1 in the KBV
Joel 1 in the KJV
Joel 1 in the KNFD
Joel 1 in the LBA
Joel 1 in the LBLA
Joel 1 in the LNT
Joel 1 in the LSV
Joel 1 in the MAAL
Joel 1 in the MBV
Joel 1 in the MBV2
Joel 1 in the MHNT
Joel 1 in the MKNFD
Joel 1 in the MNG
Joel 1 in the MNT
Joel 1 in the MNT2
Joel 1 in the MRS1T
Joel 1 in the NAA
Joel 1 in the NASB
Joel 1 in the NBLA
Joel 1 in the NBS
Joel 1 in the NBVTP
Joel 1 in the NET2
Joel 1 in the NIV11
Joel 1 in the NNT
Joel 1 in the NNT2
Joel 1 in the NNT3
Joel 1 in the PDDPT
Joel 1 in the PFNT
Joel 1 in the RMNT
Joel 1 in the SBIAS
Joel 1 in the SBIBS
Joel 1 in the SBIBS2
Joel 1 in the SBICS
Joel 1 in the SBIDS
Joel 1 in the SBIGS
Joel 1 in the SBIHS
Joel 1 in the SBIIS
Joel 1 in the SBIIS2
Joel 1 in the SBIIS3
Joel 1 in the SBIKS
Joel 1 in the SBIKS2
Joel 1 in the SBIMS
Joel 1 in the SBIOS
Joel 1 in the SBIPS
Joel 1 in the SBISS
Joel 1 in the SBITS
Joel 1 in the SBITS2
Joel 1 in the SBITS3
Joel 1 in the SBITS4
Joel 1 in the SBIUS
Joel 1 in the SBIVS
Joel 1 in the SBT
Joel 1 in the SBT1E
Joel 1 in the SCHL
Joel 1 in the SNT
Joel 1 in the SUSU
Joel 1 in the SUSU2
Joel 1 in the SYNO
Joel 1 in the TBIAOTANT
Joel 1 in the TBT1E
Joel 1 in the TBT1E2
Joel 1 in the TFTIP
Joel 1 in the TFTU
Joel 1 in the TGNTATF3T
Joel 1 in the THAI
Joel 1 in the TNFD
Joel 1 in the TNT
Joel 1 in the TNTIK
Joel 1 in the TNTIL
Joel 1 in the TNTIN
Joel 1 in the TNTIP
Joel 1 in the TNTIZ
Joel 1 in the TOMA
Joel 1 in the TTENT
Joel 1 in the UBG
Joel 1 in the UGV
Joel 1 in the UGV2
Joel 1 in the UGV3
Joel 1 in the VBL
Joel 1 in the VDCC
Joel 1 in the YALU
Joel 1 in the YAPE
Joel 1 in the YBVTP
Joel 1 in the ZBP