Psalms 37 (IRVA)

1 তুমি দুষ্টবোৰৰ কাৰণে অস্থিৰ নহবা;কুকার্য কৰাবোৰক দেখি হিংসা নকৰিবা। 2 কিয়নো তেওঁলোক ঘাঁহৰ দৰে শীঘ্রেই শুকাই যাব,সেউজীয়া তৃণৰ নিচিনাকৈ জঁয় পৰিব। 3 যিহোৱাত ভাৰসা ৰাখা আৰু সুকৰ্ম কৰা;দেশত বাস কৰা আৰু নিৰাপদে থাকা। 4 যিহোৱাত আনন্দ কৰা;তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূর্ণ কৰিব। 5 তোমাৰ পথ যিহোৱাত সমৰ্পণ কৰা;তেওঁত ভাৰসা ৰাখা; তাতে তেৱেঁই সকলো কৰিব। 6 তেৱেঁই তোমাৰ সততা দীপ্তিৰ দৰে উজ্জ্বল কৰি তুলিব;তোমাৰ ন্যায় কাৰ্য দুপৰীয়াৰ ৰ’দৰ নিচিনাকৈ প্ৰকাশ কৰিব। 7 যিহোৱাৰ আগত শান্ত হোৱা;ধৈৰ্যেৰে তেওঁলৈ অপেক্ষা কৰা।যি মানুহে নিজৰ দুষ্ট পৰিকল্পনাৰে কৃতকাৰ্য্য হবলৈ কর্ম কৰে, তাত তুমি অসন্তোষ্ট নহ’বা; 8 ক্ৰোধ এৰা, কোপ ত্যাগ কৰা;বেজাৰ নকৰিবা, কেৱল হানিহে হয়। 9 কিন্তু দুষ্টবোৰ উচ্ছন্ন হব, কিন্তু যিহোৱালৈ অপেক্ষা কৰা লোকে হলে দেশ অধিকাৰ কৰিব। 10 কিন্তু অলপতে দুষ্টলোক শেষ হৈ যাব; তুমি যত্নেৰে বিচাৰিলেও তেওঁলোকৰ ঠাইত তেওঁলোকক পোৱা নাযাব। 11 কিন্তু নম্ৰসকলে দেশ অধিকাৰ কৰিব; প্ৰচুৰ আশীর্বাদ পাই তেওঁলোক আনন্দিত হব। 12 দুষ্টই ধাৰ্মিকলোকৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰে;তেওঁলোকৰ বিৰুদ্ধে দাঁত কৰঁচে। 13 প্ৰভুৱে তেওঁলোকক দেখি হাঁহিছে;কিয়নো তেওঁ দেখিছে যে, তেওঁলোকৰ শেষ দিন চাপি আহিছে। 14 দুখী-দৰিদ্ৰক বিনাশ কৰিবলৈ আৰু সৎ পথত চলাসকলক বধ কৰিবলৈ,দুষ্টবোৰে নিজৰ তৰোৱাল উলিয়াইছে আৰু নিজৰ নিজৰ ধনু ভিৰাইছে। 15 কিন্তু তেওঁলোকৰ তৰোৱাল তেওঁলোকৰ নিজৰ বুকুতে সোমাব,আৰু তেওঁলোকৰ ধনু ভঙা হব। 16 দুষ্টলোকৰ প্রচুৰ ধনৰাশিতকৈয়ো,ধাৰ্মিকৰ অলপ সম্পত্তিয়েই ভাল। 17 কিয়নো দুষ্টবোৰৰ বাহু ভঙা হব।কিন্তু যিহোৱাই ধাৰ্মিকসকলক ধৰি ৰাখিব। 18 সিদ্ধ লোকৰ সকলো দিন যিহোৱাই জানে,আৰু তেওঁলোকৰ আধিপত্য চিৰকাললৈকে থাকিব। 19 সঙ্কটৰ সময়ত তেওঁলোক লাজত নপৰিব,আৰু আকালৰ সময়ত তেওঁলোক তৃপ্ত হব। 20 দুষ্টবোৰ বিনষ্ট হব,যিহোৱাৰ শত্রুবোৰ পথাৰৰ তৃণৰ শোভাৰ সদৃশ হব;তেওঁলোক অদৃশ্য হৈ যাব; ধোঁৱাৰ নিচিনাকৈ তেওঁলোক নোহোৱা হ’ব। 21 দুষ্টই ধাৰে লয়, কিন্তু তাক পৰিশোধ নকৰে;কিন্তু ধাৰ্মিক লোক দয়াৱান আৰু দানশীল। 22 যিহোৱাৰ আশীৰ্ব্বাদ পোৱাসকল পৃথিবীৰ অধিকাৰী হব,কিন্তু যি সকলক তেওঁ অভিশাপ দিয়ে, তেওঁলোক উচ্ছন্ন হব। 23 যিহোৱাই আমাৰ খোজৰ গতি স্থিৰ কৰে;তেওঁ তেওঁৰ পথত সন্তোষ পায়। 24 তেওঁ উজুতি খাই পৰিলেও নিচেইকৈ পতিত নহব;কিয়নো যিহোৱাৰ হাতেই তেওঁক ধৰি ৰাখিছে। 25 মই যুৱক আছিলোঁ, এতিয়া বুঢ়া হ’লো;কিন্তু মই ধাৰ্মিকক ত্যাগ কৰা,নাইবা তেওঁলোকৰ বংশধৰসকলে ভিক্ষা কৰা, এনে কেতিয়াও দেখা নাই। 26 ধার্মিকসকল সদায় দয়ালু, আৰু তেওঁলোকে ধাৰে দিয়ে;তেওঁলোকৰ বংশই আশীৰ্ব্বাদ পায়। 27 তুমি দুষ্টতাৰ পৰা আতৰি আহাঁ আৰু ভাল কৰ্ম কৰা;তুমি চিৰকাল জীয়াই থাকিবা। 28 কিয়নো যিহোৱাই ন্যায় বিচাৰ ভাল পায়,তেওঁৰ ভক্তসকলক তেওঁ পৰিত্যাগ নকৰে;অনন্ত কাললৈকে তেওঁলোকক ৰক্ষা কৰা হ’ব;কিন্তু দুষ্টবোৰৰ বংশক হলে ধ্বংস কৰা হ’ব। 29 ধাৰ্মিকসকল পৃথিবীৰ অধিকাৰী হব;তেওঁলোক তাত সৰ্ব্বতিকাললৈকে বাস কৰিব। 30 ধাৰ্মিকৰ মুখে জ্ঞানৰ কথা প্ৰচাৰ কৰে,তেওঁলোকৰ জিভাই ন্যায় কথা প্রকাশ কৰে। 31 তেওঁলোকৰ ঈশ্বৰৰ ব্যৱস্থা তেওঁলোকৰ হৃদয়ত আছে;তেওঁলোকৰ ভৰি পিছলি নাযায়। 32 দুষ্টলোকে ধাৰ্মিক লোকলৈ খাপ পাতি থাকে,তেওঁলোকক বধ কৰিবলৈ বিচাৰে। 33 কিন্তু যিহোৱাই দুষ্টলোকৰ হাতত তেওঁলোকক এৰি নিদিব,বিচাৰত তেওঁলোকক দোষী নকৰিব। 34 যিহোৱাৰ অপেক্ষাত থাকা, তেওঁৰ পথত চলা;তাতে তেওঁ পৃথিবীৰ অধিকাৰী হবলৈ তোমাক উন্নত কৰিব।দুষ্টবোৰ উচ্ছন্ন হ’লে তুমি তাক দেখিবলৈ পাবা। 35 মই দুষ্টলোকৰ অত্যাচাৰ বৃদ্ধি পোৱা দেখিলোঁ,সেউজ গছৰ দৰে বাঢ়ি যোৱা দেখিলোঁ। 36 কিন্তু মই পুনৰ যেতিয়া ওচৰেদি পাৰ হৈ গ’লো, তেওঁলোক নোহোৱা হ’ল;মই বিচাৰিলোঁ, কিন্তু তেওঁলোকক পোৱা নগ’ল। 37 সিদ্ধ লোকৰ জীৱনলৈ লক্ষ্য কৰা, সৎ লোকসকলক নিৰীক্ষণ কৰা;কিয়নো শান্তিপ্রিয় লোকৰ বংশৰ কল্যাণ হয়। 38 কিন্তু পাপী লোক সম্পূর্ণকৈ ধ্বংস হ’ব;দুষ্টলোকৰ বংশ ধ্বংস হ’ব। 39 ধাৰ্মিকসকলৰ পৰিত্ৰাণ যিহোৱাৰ পৰা আহে;সঙ্কটৰ কালত তেৱেঁই তেওঁলোকৰ আশ্ৰয়। 40 যিহোৱাই তেওঁলোকক সহায় আৰু ৰক্ষা কৰে;দুষ্ট লোকসকলৰ হাতৰ পৰা তেৱেঁই তেওঁলোকক উদ্ধাৰ কৰি পৰিত্রাণ দিয়ে,কিয়নো তেওঁলোকে তেওঁতে আশ্ৰয় লৈছে।

In Other Versions

Psalms 37 in the ANGEFD

Psalms 37 in the ANTPNG2D

Psalms 37 in the AS21

Psalms 37 in the BAGH

Psalms 37 in the BBPNG

Psalms 37 in the BBT1E

Psalms 37 in the BDS

Psalms 37 in the BEV

Psalms 37 in the BHAD

Psalms 37 in the BIB

Psalms 37 in the BLPT

Psalms 37 in the BNT

Psalms 37 in the BNTABOOT

Psalms 37 in the BNTLV

Psalms 37 in the BOATCB

Psalms 37 in the BOATCB2

Psalms 37 in the BOBCV

Psalms 37 in the BOCNT

Psalms 37 in the BOECS

Psalms 37 in the BOGWICC

Psalms 37 in the BOHCB

Psalms 37 in the BOHCV

Psalms 37 in the BOHLNT

Psalms 37 in the BOHNTLTAL

Psalms 37 in the BOICB

Psalms 37 in the BOILNTAP

Psalms 37 in the BOITCV

Psalms 37 in the BOKCV

Psalms 37 in the BOKCV2

Psalms 37 in the BOKHWOG

Psalms 37 in the BOKSSV

Psalms 37 in the BOLCB

Psalms 37 in the BOLCB2

Psalms 37 in the BOMCV

Psalms 37 in the BONAV

Psalms 37 in the BONCB

Psalms 37 in the BONLT

Psalms 37 in the BONUT2

Psalms 37 in the BOPLNT

Psalms 37 in the BOSCB

Psalms 37 in the BOSNC

Psalms 37 in the BOTLNT

Psalms 37 in the BOVCB

Psalms 37 in the BOYCB

Psalms 37 in the BPBB

Psalms 37 in the BPH

Psalms 37 in the BSB

Psalms 37 in the CCB

Psalms 37 in the CUV

Psalms 37 in the CUVS

Psalms 37 in the DBT

Psalms 37 in the DGDNT

Psalms 37 in the DHNT

Psalms 37 in the DNT

Psalms 37 in the ELBE

Psalms 37 in the EMTV

Psalms 37 in the ESV

Psalms 37 in the FBV

Psalms 37 in the FEB

Psalms 37 in the GGMNT

Psalms 37 in the GNT

Psalms 37 in the HARY

Psalms 37 in the HNT

Psalms 37 in the IRVB

Psalms 37 in the IRVG

Psalms 37 in the IRVH

Psalms 37 in the IRVK

Psalms 37 in the IRVM

Psalms 37 in the IRVM2

Psalms 37 in the IRVO

Psalms 37 in the IRVP

Psalms 37 in the IRVT

Psalms 37 in the IRVT2

Psalms 37 in the IRVU

Psalms 37 in the ISVN

Psalms 37 in the JSNT

Psalms 37 in the KAPI

Psalms 37 in the KBT1ETNIK

Psalms 37 in the KBV

Psalms 37 in the KJV

Psalms 37 in the KNFD

Psalms 37 in the LBA

Psalms 37 in the LBLA

Psalms 37 in the LNT

Psalms 37 in the LSV

Psalms 37 in the MAAL

Psalms 37 in the MBV

Psalms 37 in the MBV2

Psalms 37 in the MHNT

Psalms 37 in the MKNFD

Psalms 37 in the MNG

Psalms 37 in the MNT

Psalms 37 in the MNT2

Psalms 37 in the MRS1T

Psalms 37 in the NAA

Psalms 37 in the NASB

Psalms 37 in the NBLA

Psalms 37 in the NBS

Psalms 37 in the NBVTP

Psalms 37 in the NET2

Psalms 37 in the NIV11

Psalms 37 in the NNT

Psalms 37 in the NNT2

Psalms 37 in the NNT3

Psalms 37 in the PDDPT

Psalms 37 in the PFNT

Psalms 37 in the RMNT

Psalms 37 in the SBIAS

Psalms 37 in the SBIBS

Psalms 37 in the SBIBS2

Psalms 37 in the SBICS

Psalms 37 in the SBIDS

Psalms 37 in the SBIGS

Psalms 37 in the SBIHS

Psalms 37 in the SBIIS

Psalms 37 in the SBIIS2

Psalms 37 in the SBIIS3

Psalms 37 in the SBIKS

Psalms 37 in the SBIKS2

Psalms 37 in the SBIMS

Psalms 37 in the SBIOS

Psalms 37 in the SBIPS

Psalms 37 in the SBISS

Psalms 37 in the SBITS

Psalms 37 in the SBITS2

Psalms 37 in the SBITS3

Psalms 37 in the SBITS4

Psalms 37 in the SBIUS

Psalms 37 in the SBIVS

Psalms 37 in the SBT

Psalms 37 in the SBT1E

Psalms 37 in the SCHL

Psalms 37 in the SNT

Psalms 37 in the SUSU

Psalms 37 in the SUSU2

Psalms 37 in the SYNO

Psalms 37 in the TBIAOTANT

Psalms 37 in the TBT1E

Psalms 37 in the TBT1E2

Psalms 37 in the TFTIP

Psalms 37 in the TFTU

Psalms 37 in the TGNTATF3T

Psalms 37 in the THAI

Psalms 37 in the TNFD

Psalms 37 in the TNT

Psalms 37 in the TNTIK

Psalms 37 in the TNTIL

Psalms 37 in the TNTIN

Psalms 37 in the TNTIP

Psalms 37 in the TNTIZ

Psalms 37 in the TOMA

Psalms 37 in the TTENT

Psalms 37 in the UBG

Psalms 37 in the UGV

Psalms 37 in the UGV2

Psalms 37 in the UGV3

Psalms 37 in the VBL

Psalms 37 in the VDCC

Psalms 37 in the YALU

Psalms 37 in the YAPE

Psalms 37 in the YBVTP

Psalms 37 in the ZBP