Isaiah 48 (IRVA)
1 হে ইস্ৰায়েল নামেৰে প্ৰখ্যাত, আৰু যিহূদাৰ জল সমূহৰ পৰা উৎপন্ন হোৱা যাকোবৰ বংশ, এই কথা শুনা,যিসকলে যিহোৱাৰ নাম লৈ শপত খায়, ইস্ৰায়েলৰ ঈশ্বৰৰ ওচৰত সাহায্য প্রার্থনা কৰে,কিন্তু আন্তৰিকতাৰে বা সত্যনিষ্ঠাৰে নকৰে। 2 কাৰণ তেওঁলোকে নিজকে পবিত্ৰ নগৰ লোক বুলি কয়,আৰু বাহিনীসকলৰ যিহোৱাৰ নামেৰে প্ৰখ্যাত ইস্ৰায়েলৰ ঈশ্বৰত বিশ্বাস কৰে। 3 মই বহু দিনৰ আগৰে পৰা কথাবোৰ ঘোষনা কৰিলোঁ; এনে কি, সেইবোৰ মোৰ মূখৰ পৰা ওলাল, আৰু মই সেইবোৰ জানিবলৈ দিলোঁ;অকস্মাৎ মই সেইবোৰ সিদ্ধ কৰিলোঁ, আৰু সেইবোৰ ঘটি উঠিল। 4 কাৰণ মই জানো, যে, তুমি অবাধ্য,তোমাৰ ডিঙিৰ মাংসপেশী লোহাৰ দৰে টান, আৰু তোমাৰ কপাল পিতলস্বৰূপ, 5 এই হেতুকে মই ইতিপূৰ্বে তাক তোমাৰ আগত প্ৰকাশ কৰিলোঁ; সেইবোৰ ঘটাৰ পূর্বেই মই তোমাক জনালোঁঁ,যাতে তুমি নোকোৱা “সেইবোৰ মোৰ মূৰ্ত্তিয়ে কৰিলে,” বা “মোৰ কটা প্ৰতিমাই মোৰ সাঁচত ঢলা মূৰ্ত্তিয়ে সেইবোৰ আজ্ঞা কৰিলে।” 6 তুমি এই কথাৰ বিষয়ে শুনিলা; তুমি এই সকলো সাক্ষ্য চোৱা; আৰু মই যি কৈছিলোঁ তাক জানো সত্য বুলি স্বীকাৰ নকৰিবা? এতিয়াৰে পৰা মই তোমাক নতুন বিষয়বোৰ, তুমি আগেয়ে নজনা গুপ্ত বিষয়বোৰ তোমাক দেখুৱাও। 7 সেইবোৰ এতিয়া স্ৰজন কৰা হ’ল, আগৰ পৰা নাছিল, আজিৰ আগতে তুমি সেইবোৰৰ বিষয়ে শুনা নাছিল,এই বুলি তুমি নকবৰ নিমিত্তে, আজিৰ পূৰ্বতে সেইবোৰ শুনা নাছিল, সেয়ে তুমি ক’ব নোৱাৰা যে, “হ’য় মই এই বিষয়ে জানো।” 8 তুমি কেতিয়াও শুনা নাই, জনাও নাই, তোমালোকে শুনিবৰ বাবে এইবোৰ কথা আগেয়ে মুকলি হোৱা নাছিল।কাৰণ মই জানো, যে তুমি অতি প্রবঞ্চক, আৰু সেই তুমি জন্মৰে পৰা বিদ্ৰোহী। 9 মই তোমাক উচ্ছন্ন নকৰিবৰ বাবে মই মোৰ নামৰ কাৰণে ক্ৰোধ স্হগিত ৰাখিম, আৰু মোৰ সন্মানৰ কাৰণে কুন্ঠাবোধ কৰিম। 10 চোৱা, মই তোমাক সংশোধিত কৰিম, কিন্তু ৰূপৰ দৰে নহয়; অত্যন্ত যন্ত্রণাত অগ্নিশালত মই তোমাক শুদ্ধ কৰিম। 11 মই নিজৰ কাৰণে, কেৱল নিজৰ কাৰণে কাৰ্য কৰিম; কাৰণ মোৰ নাম কেনেকৈ অসন্মানিত হ’বলৈ দিব পাৰোঁ?মই মোৰ গৌৰৱ অন্য কাকো নিদিম। 12 হে মোৰ আমন্ত্ৰিত যাকোব আৰু ইস্ৰায়েল, মোৰ কথা শুনা;মইয়ে তেওঁ, মইয়ে আদি, মইয়ে অন্তও। 13 হ’য়, মোৰ হাতে পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰিলে, আৰু মোৰ সোঁহাতে আকাশ মণ্ডল বিস্তাৰ কৰিলে;মই যেতিয়া তেওঁলোকক মাতো, তেওঁলোক একেলগে থিয় হয়। 14 তোমালোক সকলোৱে নিজকে সমবেত কৰা, আৰু শুনা; তোমালোকৰ মাজৰ কোনে এইবোৰ কথা প্ৰকাশ কৰিলে?বাবিলৰ বিৰুদ্ধে যিহোৱা আৰু তেওঁৰ মিত্রই তেওঁৰ উদ্দেশ্য পূৰ্ণ কৰিব। তেওঁ কলদীয়াসকলৰ বিৰুদ্ধে যিহোৱাৰ ইচ্ছা পূর্ণ কৰিব। 15 মই, মইয়েই কথা ক’লোঁ, হ’য়, ময়েই সেই জনক মাতিলোঁ, ময়েই সেই জনক আনিলোঁ; আৰু তেওঁ কৃতকাৰ্য্য হ’ব। 16 তোমালোকে মোৰ ওচৰলৈ আহি এই কথা শুনা;মই আদিৰে পৰা গুপুতে কথা কোৱা নাই; এই ঘটনা যেতিয়া ঘটে, মই তাতে আছোঁ,এতিয়া প্ৰভু যিহোৱাই নিজ আত্মা দি মোক পঠালে। 17 তোমাৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে:“মই তোমালোকৰ ঈশ্বৰ যিহোৱা, যিজনে তোমাক কৃতকার্য হবলৈ শিকাই,তোমালোকৰ যাবলগীয়া পথত যিজনে চলাই নিয়ে। 18 যদি তোমালোকে কেৱল মোৰ আজ্ঞাবোৰ মানি চলিলা হয়!তোমালোকৰ শান্তি আৰু উন্নতি নদীৰ দৰে প্রবাহিত হ’ল হয়, আৰু তোমাৰ পৰিত্রান সমুদ্ৰৰ ঢৌৰ দৰে হ’ল হয়। 19 তোমালোকৰ বংশ বালিৰ দৰে অসংখ্য, আৰু তোমালোকৰ ঔৰসত জন্মা সন্তান বালিৰ কণিকা সমূহৰ দৰে অসংখ্য হ’লহেঁতেন;তেওঁলোকৰ নাম মোৰ আগৰ পৰা লুপ্ত বা নষ্ট নহ’ব। 20 বাবিলৰ পৰা ওলাই আহা! কলদীয়াসকলৰ মাজৰ পৰা পলাই যোৱা!উচ্চ ধ্বনিৰে ইয়াক প্ৰকাশ কৰা! ইয়াক জানিবলৈ দিয়া, পৃথিৱীৰ সীমালৈকে প্ৰচাৰ কৰা!তোমালোকে কোৱা, ‘যিহোৱাই নিজ দাস যাকোবক মুক্ত কৰিলে।’” 21 যেতিয়া তেওঁ তেওঁলোকক শুকান ভুমিয়েদি লৈ গৈছিল, তেতিয়া তেওঁলোকৰ পিয়াহ লগা নাছিল;তেওঁ তেওঁলোকৰ বাবে শিলটোৰ পৰা পানী বোৱালে,আৰু তেওঁ শিলটো ফালিলত জল সমূহ বেগেৰে ওলাল। 22 যিহোৱাই কৈছে, “দুষ্ট লোকসকলৰ কাৰণে কোনো শান্তি নাই।”
In Other Versions
Isaiah 48 in the ANGEFD
Isaiah 48 in the ANTPNG2D
Isaiah 48 in the AS21
Isaiah 48 in the BAGH
Isaiah 48 in the BBPNG
Isaiah 48 in the BBT1E
Isaiah 48 in the BDS
Isaiah 48 in the BEV
Isaiah 48 in the BHAD
Isaiah 48 in the BIB
Isaiah 48 in the BLPT
Isaiah 48 in the BNT
Isaiah 48 in the BNTABOOT
Isaiah 48 in the BNTLV
Isaiah 48 in the BOATCB
Isaiah 48 in the BOATCB2
Isaiah 48 in the BOBCV
Isaiah 48 in the BOCNT
Isaiah 48 in the BOECS
Isaiah 48 in the BOGWICC
Isaiah 48 in the BOHCB
Isaiah 48 in the BOHCV
Isaiah 48 in the BOHLNT
Isaiah 48 in the BOHNTLTAL
Isaiah 48 in the BOICB
Isaiah 48 in the BOILNTAP
Isaiah 48 in the BOITCV
Isaiah 48 in the BOKCV
Isaiah 48 in the BOKCV2
Isaiah 48 in the BOKHWOG
Isaiah 48 in the BOKSSV
Isaiah 48 in the BOLCB
Isaiah 48 in the BOLCB2
Isaiah 48 in the BOMCV
Isaiah 48 in the BONAV
Isaiah 48 in the BONCB
Isaiah 48 in the BONLT
Isaiah 48 in the BONUT2
Isaiah 48 in the BOPLNT
Isaiah 48 in the BOSCB
Isaiah 48 in the BOSNC
Isaiah 48 in the BOTLNT
Isaiah 48 in the BOVCB
Isaiah 48 in the BOYCB
Isaiah 48 in the BPBB
Isaiah 48 in the BPH
Isaiah 48 in the BSB
Isaiah 48 in the CCB
Isaiah 48 in the CUV
Isaiah 48 in the CUVS
Isaiah 48 in the DBT
Isaiah 48 in the DGDNT
Isaiah 48 in the DHNT
Isaiah 48 in the DNT
Isaiah 48 in the ELBE
Isaiah 48 in the EMTV
Isaiah 48 in the ESV
Isaiah 48 in the FBV
Isaiah 48 in the FEB
Isaiah 48 in the GGMNT
Isaiah 48 in the GNT
Isaiah 48 in the HARY
Isaiah 48 in the HNT
Isaiah 48 in the IRVB
Isaiah 48 in the IRVG
Isaiah 48 in the IRVH
Isaiah 48 in the IRVK
Isaiah 48 in the IRVM
Isaiah 48 in the IRVM2
Isaiah 48 in the IRVO
Isaiah 48 in the IRVP
Isaiah 48 in the IRVT
Isaiah 48 in the IRVT2
Isaiah 48 in the IRVU
Isaiah 48 in the ISVN
Isaiah 48 in the JSNT
Isaiah 48 in the KAPI
Isaiah 48 in the KBT1ETNIK
Isaiah 48 in the KBV
Isaiah 48 in the KJV
Isaiah 48 in the KNFD
Isaiah 48 in the LBA
Isaiah 48 in the LBLA
Isaiah 48 in the LNT
Isaiah 48 in the LSV
Isaiah 48 in the MAAL
Isaiah 48 in the MBV
Isaiah 48 in the MBV2
Isaiah 48 in the MHNT
Isaiah 48 in the MKNFD
Isaiah 48 in the MNG
Isaiah 48 in the MNT
Isaiah 48 in the MNT2
Isaiah 48 in the MRS1T
Isaiah 48 in the NAA
Isaiah 48 in the NASB
Isaiah 48 in the NBLA
Isaiah 48 in the NBS
Isaiah 48 in the NBVTP
Isaiah 48 in the NET2
Isaiah 48 in the NIV11
Isaiah 48 in the NNT
Isaiah 48 in the NNT2
Isaiah 48 in the NNT3
Isaiah 48 in the PDDPT
Isaiah 48 in the PFNT
Isaiah 48 in the RMNT
Isaiah 48 in the SBIAS
Isaiah 48 in the SBIBS
Isaiah 48 in the SBIBS2
Isaiah 48 in the SBICS
Isaiah 48 in the SBIDS
Isaiah 48 in the SBIGS
Isaiah 48 in the SBIHS
Isaiah 48 in the SBIIS
Isaiah 48 in the SBIIS2
Isaiah 48 in the SBIIS3
Isaiah 48 in the SBIKS
Isaiah 48 in the SBIKS2
Isaiah 48 in the SBIMS
Isaiah 48 in the SBIOS
Isaiah 48 in the SBIPS
Isaiah 48 in the SBISS
Isaiah 48 in the SBITS
Isaiah 48 in the SBITS2
Isaiah 48 in the SBITS3
Isaiah 48 in the SBITS4
Isaiah 48 in the SBIUS
Isaiah 48 in the SBIVS
Isaiah 48 in the SBT
Isaiah 48 in the SBT1E
Isaiah 48 in the SCHL
Isaiah 48 in the SNT
Isaiah 48 in the SUSU
Isaiah 48 in the SUSU2
Isaiah 48 in the SYNO
Isaiah 48 in the TBIAOTANT
Isaiah 48 in the TBT1E
Isaiah 48 in the TBT1E2
Isaiah 48 in the TFTIP
Isaiah 48 in the TFTU
Isaiah 48 in the TGNTATF3T
Isaiah 48 in the THAI
Isaiah 48 in the TNFD
Isaiah 48 in the TNT
Isaiah 48 in the TNTIK
Isaiah 48 in the TNTIL
Isaiah 48 in the TNTIN
Isaiah 48 in the TNTIP
Isaiah 48 in the TNTIZ
Isaiah 48 in the TOMA
Isaiah 48 in the TTENT
Isaiah 48 in the UBG
Isaiah 48 in the UGV
Isaiah 48 in the UGV2
Isaiah 48 in the UGV3
Isaiah 48 in the VBL
Isaiah 48 in the VDCC
Isaiah 48 in the YALU
Isaiah 48 in the YAPE
Isaiah 48 in the YBVTP
Isaiah 48 in the ZBP