John 20 (IRVA)

1 সপ্তাহৰ প্ৰথম দিনা অতি ৰাতিপুৱা, আন্ধাৰ থাকোতেই, মগ্দলীনী মৰিয়মে মৈদামৰ ওচৰত গৈ, মৈদামৰ পৰা শিলচটা আতৰাই থোৱা দেখিলে। 2 তাতে তেওঁ দৌৰ মাৰি, চিমোন পিতৰ আৰু যীচুৰ প্ৰিয় সেই আন শিষ্যৰ ওচৰলৈ গৈ, তেওঁলোকক ক’লে, কোনোবাই প্ৰভুক মৈদামৰ পৰা নিলে; কিন্তু তেওঁক ক’ত থলে, সেই বিষয়ে আমি নাজানো। 3 তাতে পিতৰ আৰু সেই আন শিষ্য সকল বাহিৰলৈ ওলাই আহি মৈদামৰ ওচৰলৈ গ’ল। 4 তেওঁলোক দুয়ো একেলগে দৌৰি গ’ল, কিন্তু অন্য শিষ্য জন পিতৰক পাছ পেলাই আগত দৌৰি গৈ প্ৰথমে মৈদামৰ ওচৰ পালে; 5 আৰু তেওঁলোকে চাপৰি চাই, পৰি থকা শণ সূতাৰ মিহি কাপোৰ দেখিলে, কিন্তু মৈদামৰ ভিতৰলৈ নোসোমাল। 6 তাতে চিমোন পিতৰে তেওঁৰ পাছে পাছে আহি মৈদামত সোমাল, আৰু দেখিলে যে, শণ সূতাৰ মিহি কাপোৰ কেইখন সেই ঠাইতে পৰি আছে, 7 কিন্তু যি গামোচা তেওঁৰ মূৰত আছিল, সেই গামোচা সেইবোৰ কাপোৰৰ লগত নাই, সুকীয়াকৈ এঠাইত মেৰিয়াই থোৱা আছে। 8 ইয়াৰ পাছত যি জন শিষ্য মৈদামলৈ প্ৰথমতে গৈছিলে তেওঁ ভিতৰলৈ সোমাই সকলো দেখি বিশ্বাস কৰিলে। 9 কাৰণ ধৰ্মশাস্ত্ৰত এই কথা কোৱা হৈছে যে ‘মৃত লোক সকলৰ মাজৰ পৰা তেওঁ পুনৰায় উঠিব’, শাস্ত্ৰৰ এই শিক্ষা তেওঁলোকে এতিয়ালৈকে বুজা নাছিল। 10 তাতে সেই দুজন শিষ্য পুনৰ নিজৰ ঘৰলৈ গুচি গ’ল। 11 কিন্তু মৰিয়মে মৈদামৰ বাহিৰত থিয় হৈ কান্দি আছিল; আৰু কান্দি কান্দি মৈদামৰ ভিতৰলৈ মূৰ দোৱাই চকু ফুৰালে, 12 যীচুৰ দেহ শুৱাই থোৱা ঠাইৰ মূৰ-শিতানত এজন আৰু ভৰি-পথানত এজন, এনেদৰে দুজন শুক্ল বস্ত্ৰ পৰিধান কৰা স্বৰ্গৰ দূতক বহি থকা দেখিলে। 13 তেতিয়া তেওঁলোকে মৰিয়মক সুধিলে, “হে নাৰী, কিয় কান্দিছা?” তেওঁ ক’লে, “কোনোবাই মোৰ প্ৰভুক নিলে; কিন্তু তেওঁক ক’ত থলে নাজানো।” 14 এই কথা কৈ, তেওঁ পাছফাললৈ মূখ ঘূৰাই, যীচুক থিয় হৈ থকা দেখিলে; কিন্তু তেৱেঁই যে যীচু, তেওঁ চিনি নাপালে। 15 তেতিয়া যীচুৱে তেওঁক সুধিলে, “হে নাৰী, তুমি কিয় কান্দিছা? কোন জনক নো বিচাৰিছা?” তেতিয়া তেওঁ বাৰীচোৱা বুলি ভাবি তেওঁক ক’লে, “হে মহাশয়, আপুনি যদি তেওঁক এই ঠাইৰ পৰা নিলে, তেনেহলে ক’ত থলে, মোক কওক; মই তাৰ পৰা তেওঁক লৈ যাম।” 16 যীচুৱে তেওঁক ক’লে, “অ’, মৰিয়ম৷” তেতিয়া মৰিয়মে মূখ ঘূৰাই ইব্ৰী ভাষাৰে ক’লে “ৰব্বুণি” ইয়াৰ অৰ্থ, ‘হে গুৰু৷’ 17 যীচুৱে তেওঁক ক’লে, “তুমি মোক নুচুবা, কিয়নো মোৰ পিতৃৰ ওচৰলৈ এতিয়ালৈকে মই উঠা নাই। কিন্তু তুমি মোৰ ভাই সকলৰ ওচৰলৈ গৈ তেওঁলোকক কোৱাগৈ, যি জন মোৰ পিতৃ আৰু তোমালোকৰো পিতৃ; আৰু মোৰ ঈশ্বৰ আৰু তোমালোকৰো ঈশ্বৰ, তেওঁৰ ওচৰলৈ মই উঠি যাওঁ৷” 18 তেতিয়া মগ্দলীনী মৰিয়ম গ’ল আৰু শিষ্য সকলক এই সম্বাদ দিলে যে, “মই প্ৰভুক দেখিলোঁ৷” মৰিয়মে তেওঁলোকক জনালে যে ‘তেৱেঁই মোক এই কথা ক’বলৈ ক’লে’। 19 সেইদিনা সন্ধিয়া সময়, এই দিন সপ্তাহৰ প্ৰথম দিন আছিল, শিষ্য সকল এটা ঘৰত গোট খালে৷ তেওঁলোক থকা ঘৰৰ দুৱাৰবোৰ ইহুদী সকলৰ ভয়ত বন্ধ কৰি ল’লে, তেতিয়া যীচুৱে আহি তেওঁলোকৰ মাজত থিয় হৈ ক’লে “তোমালোকৰ শান্তি হওক”। 20 এই কথা কোৱাৰ পাছত তেওঁ তেওঁলোকক তেওঁৰ হাত দুখন আৰু কোষ দেখুৱালে। তাতে শিষ্য সকলে প্ৰভুক দেখি আনন্দ কৰিলে। 21 এই কাৰণে যীচুৱে তেওঁলোকক পুনৰ ক’লে, “তোমালোকৰ শান্তি হওক, পিতৃয়ে যেনেকৈ মোক পঠালে, ময়ো তেনেকৈ তোমালোকক পঠিয়াই দিম”। 22 এই কথা কৈ তেওঁ তেওঁলোকৰ ওপৰত নিশ্বাস পেলাই ক’লে, “পবিত্ৰ আত্মা গ্ৰহণ কৰা। 23 তোমালোকে যি সকলৰ পাপ ক্ষমা কৰিবা, তেওঁলোকৰ পাপ ক্ষমা কৰা হব; আৰু যি সকলৰ পাপ ক্ষমা নকৰা, তেওঁলোকৰ পাপ ক্ষমা কৰা নহব৷” 24 থোমা, বাৰ জনৰ মাজৰ যাক দিদুমো বোলে, তেওঁ যীচু অহা সময়ত তেওঁলোকৰ লগত নাছিল। 25 এতেকে আন শিষ্য সকলে তেওঁক ক’লে, “আমি প্ৰভুক দেখিলোঁ”। কিন্তু তেওঁ তেওঁলোকক ক’লে, “তেওঁৰ হাতত গজালৰ চিন নেদেখিলে আৰু গজালৰ চিনত মোৰ আঙুলি নুসুমুৱালে, অাৰু তেওঁৰ কোষত হাত নুসুমুৱালে মই কোনোমতে বিশ্বাস নকৰোঁ।” 26 আকৌ আঠ দিনৰ পাছত, তেওঁৰ শিষ্য সকল থোমাৰ সৈতে ভিতৰত থাকোঁতে, দুৱাৰ বন্ধ হৈ থকাতো, যীচুৱে আহি মাজত থিয় হৈ ক’লে, “তোমালোকৰ শান্তি হওক”। 27 তেতিয়া তেওঁ থোমাক ক’লে, “ইয়াত তোমাৰ আঙুলি দি, মোৰ হাত চোৱা; আৰু তোমাৰ হাত মেলি, মোৰ কোষত সুমুউৱা৷ অবিশ্বাসী নহৈ বিশ্বাসকাৰী হোৱা।” 28 থোমাই উত্তৰ দি তেওঁক ক’লে, “হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ!” 29 যীচুৱে তেওঁক ক’লে, “মোক দেখাৰ কাৰণেহে তুমি বিশ্বাস কৰিছা। যি সকলে নেদেখিও বিশ্বাস কৰে, তেওঁলোকেই ধন্য।” 30 যীচুৱে তেওঁৰ শিষ্য সকলৰ আগত ইয়াতকৈয়ো অনেক আচৰিত চিন দেখুৱাইছিল, যিবোৰ এই পুস্তকত লিখা নাই৷ 31 কিন্তু যীচু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা, বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই কাৰণে এইবোৰ কথা লিখা হ’ল।

In Other Versions

John 20 in the ANGEFD

John 20 in the ANTPNG2D

John 20 in the AS21

John 20 in the BAGH

John 20 in the BBPNG

John 20 in the BBT1E

John 20 in the BDS

John 20 in the BEV

John 20 in the BHAD

John 20 in the BIB

John 20 in the BLPT

John 20 in the BNT

John 20 in the BNTABOOT

John 20 in the BNTLV

John 20 in the BOATCB

John 20 in the BOATCB2

John 20 in the BOBCV

John 20 in the BOCNT

John 20 in the BOECS

John 20 in the BOGWICC

John 20 in the BOHCB

John 20 in the BOHCV

John 20 in the BOHLNT

John 20 in the BOHNTLTAL

John 20 in the BOICB

John 20 in the BOILNTAP

John 20 in the BOITCV

John 20 in the BOKCV

John 20 in the BOKCV2

John 20 in the BOKHWOG

John 20 in the BOKSSV

John 20 in the BOLCB

John 20 in the BOLCB2

John 20 in the BOMCV

John 20 in the BONAV

John 20 in the BONCB

John 20 in the BONLT

John 20 in the BONUT2

John 20 in the BOPLNT

John 20 in the BOSCB

John 20 in the BOSNC

John 20 in the BOTLNT

John 20 in the BOVCB

John 20 in the BOYCB

John 20 in the BPBB

John 20 in the BPH

John 20 in the BSB

John 20 in the CCB

John 20 in the CUV

John 20 in the CUVS

John 20 in the DBT

John 20 in the DGDNT

John 20 in the DHNT

John 20 in the DNT

John 20 in the ELBE

John 20 in the EMTV

John 20 in the ESV

John 20 in the FBV

John 20 in the FEB

John 20 in the GGMNT

John 20 in the GNT

John 20 in the HARY

John 20 in the HNT

John 20 in the IRVB

John 20 in the IRVG

John 20 in the IRVH

John 20 in the IRVK

John 20 in the IRVM

John 20 in the IRVM2

John 20 in the IRVO

John 20 in the IRVP

John 20 in the IRVT

John 20 in the IRVT2

John 20 in the IRVU

John 20 in the ISVN

John 20 in the JSNT

John 20 in the KAPI

John 20 in the KBT1ETNIK

John 20 in the KBV

John 20 in the KJV

John 20 in the KNFD

John 20 in the LBA

John 20 in the LBLA

John 20 in the LNT

John 20 in the LSV

John 20 in the MAAL

John 20 in the MBV

John 20 in the MBV2

John 20 in the MHNT

John 20 in the MKNFD

John 20 in the MNG

John 20 in the MNT

John 20 in the MNT2

John 20 in the MRS1T

John 20 in the NAA

John 20 in the NASB

John 20 in the NBLA

John 20 in the NBS

John 20 in the NBVTP

John 20 in the NET2

John 20 in the NIV11

John 20 in the NNT

John 20 in the NNT2

John 20 in the NNT3

John 20 in the PDDPT

John 20 in the PFNT

John 20 in the RMNT

John 20 in the SBIAS

John 20 in the SBIBS

John 20 in the SBIBS2

John 20 in the SBICS

John 20 in the SBIDS

John 20 in the SBIGS

John 20 in the SBIHS

John 20 in the SBIIS

John 20 in the SBIIS2

John 20 in the SBIIS3

John 20 in the SBIKS

John 20 in the SBIKS2

John 20 in the SBIMS

John 20 in the SBIOS

John 20 in the SBIPS

John 20 in the SBISS

John 20 in the SBITS

John 20 in the SBITS2

John 20 in the SBITS3

John 20 in the SBITS4

John 20 in the SBIUS

John 20 in the SBIVS

John 20 in the SBT

John 20 in the SBT1E

John 20 in the SCHL

John 20 in the SNT

John 20 in the SUSU

John 20 in the SUSU2

John 20 in the SYNO

John 20 in the TBIAOTANT

John 20 in the TBT1E

John 20 in the TBT1E2

John 20 in the TFTIP

John 20 in the TFTU

John 20 in the TGNTATF3T

John 20 in the THAI

John 20 in the TNFD

John 20 in the TNT

John 20 in the TNTIK

John 20 in the TNTIL

John 20 in the TNTIN

John 20 in the TNTIP

John 20 in the TNTIZ

John 20 in the TOMA

John 20 in the TTENT

John 20 in the UBG

John 20 in the UGV

John 20 in the UGV2

John 20 in the UGV3

John 20 in the VBL

John 20 in the VDCC

John 20 in the YALU

John 20 in the YAPE

John 20 in the YBVTP

John 20 in the ZBP